পৃষ্ঠা:কিষ্কিন্ধ্যাকাণ্ড.djvu/২৬

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
২৪
কিষ্কিন্ধ্যা কাণ্ড।

শ্ৰীৰামে বোলন্ত মিত্ৰ চিনিলা আমাক।
সত্বৰে চলিয়ো আবে সিটো কিষ্কিন্ধ্যাক॥
এক পাত শৰে বালীক যে বধ কৰো।
ধিক পাছে বীৰত্ব যদি দুই পাত ধৰোঁ॥
দশৰথ পুত্ৰ দুই পাঞ্চতি বানৰে।
কিষ্কিন্ধ্যাক লাগি বাজ ভৈল চপকৰে॥
পাঞ্চ কপি বীৰ সমে শ্ৰীৰাম লক্ষ্মণে।
কতদুৰে থাকিলন্ত আৰ হুয়া বনে॥
পুত্ৰৰ বধ শুনি সূৰ্য্যে ৰঙ্গ পাইল।
দেব যোগ্য অলঙ্কাৰে ক্ষেপিয়া পঠাইল॥
চিকি মিকি কৰয় উত্তম হেম মালা।
সুগ্ৰীৱৰ মাথাত পৰিয়া জ্বলে কালা॥
মালাৰ প্ৰতাপে আতি সুগ্ৰীৱ জ্বলন্ত।
হেন দেখি তাঙ্ক ৰামচন্দ্ৰে বুলিলন্ত॥
শুনিও সুগ্ৰীৱ মিত্ৰ গুছিল প্ৰমাদ।
মিলিল মঙ্গল পাইলা সূৰ্য্যৰ প্ৰসাদ॥
আউৰ কিবা চাহা সখি ভৈলা সুপ্ৰসন্ন।
বালি বধিবাক শীঘ্ৰে কৰিয়ো যতন॥
বালীৰ তোলা আতঙ্ক কৰিয়া গৰ্জ্জন।
তিৰী চোৰ পাপিষ্ঠক মাৰোঁ এতিক্ষণ॥