পৃষ্ঠা:কিষ্কিন্ধ্যাকাণ্ড.djvu/২৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩
অসমীয়া ৰামায়ণ

ৰাঘবে বোলন্ত সাত তাল গাছ সৰে॥
বক্ৰ ভাবে আছে অৰ্দ্ধ চন্দ্ৰৰ আঁকাৰে॥
কচু যেন ভেদোঁ এক শৰৰ প্ৰহাৰে।
গুচাইবো মনৰ যিবা সন্দেহ তোমাৰে॥
আগে দেৱ গুৰুক কৰিয়া নমস্কাৰ।
ধনু তুলি ধৰিলন্ত যেন বজ্ৰ সাৰ॥
আজুৰিল ধনুক কৰ্ণমান টানিল।
শ্ৰীমুখ বাণ আনি গুণত জৰিল॥
বাম পাৱ আগ কৰি দক্ষিণক পাছ।
একে প্ৰহাৰতে ভেদিলন্ত সাত গাছ॥
এক দুই তিনি চাৰি পাঞ্চ ছয় সাত।
প্ৰত্যেকতে অগনি নিকলে যাত যাত॥
ইষত কটাক্ষে ৰাম ভেদিলেক তাল।
বৃক্ষক ভেদিয়া সৰ ভেদিল পাতাল॥
সাগৰত স্নানি পুনু পশিল টুণত।
সচকিত ভৈল পাছে পাঞ্চৰ মনত॥
একোয়ে নজানোঁ আমি বলৰ তৰল।
প্ৰাণৰ কাতৰে কটালিলো ভযু বল॥
জিনিবাক পাৰা তুমি তিনিয়ো লোকক।
আবে কি কৰিবো গোঁসাই আদেশিয়ো মোক॥