পৃষ্ঠা:কিষ্কিন্ধ্যাকাণ্ড.djvu/২৪

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
২২
কিষ্কিন্ধ্যা কাণ্ড।

তুমি লাথি মাৰিয়া পেলাইতে পাৰা তাক।
তেবে জীনো পাৰিবা বালীক মাৰিবাক॥
সুগ্ৰীৱৰ বাণী শুনি ৰাঘবে হাম্ফুলি।
দুন্দুভিৰ শৰীৰক বাম পাৱে তুলি॥
বৃদ্ধ আঙ্গুলীয়ে তাক আছাড়ি পেহ্লাইল।
দেখি পাঞ্চ বানৰ কৌতুকে বৰ পাইল॥
পৰিলেক গৈয়া সত যোজনৰ পথ।
সুগ্ৰীৱ বোলন্ত নুপুৰিল মনোৰথ॥
হেন মতে বল কটালিবেক নপাৰি।
অসুৰক বালী ৰাজা তেতিক্ষণে মাৰি॥
মাংস ও শোণিত গাৱে সমস্তে আছিল।
লাথি হানি প্ৰহৰৰ পথক ক্ষেপিল॥
জঙ্কা মাত্ৰ আছে ইটো অস্থি পুঞ্জসাৰ।
তাক নিক্ষেপিলা নাহি প্ৰত্যয় আমাৰ॥
দেখা মাত্ৰ গাছ তাল আছে বক্ৰভাবে।
তিনি গাছ ভেদে দদা একশৰ ঘাবে॥
সাত তাল ভেদা যদি তুমি একে বাৰে।
তেবেসে সংশয় গুছে মনৰ আমাৰে॥
আনন্দ দিয়োক তযু প্ৰমাণক পাওঁ॥
বালীক মাৰিবা প্ৰভু তেবে পতিয়াওঁ॥