পৃষ্ঠা:কিষ্কিন্ধ্যাকাণ্ড.djvu/২৩

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
২১
অসমীয়া ৰামায়ণ

শ্ৰেষ্ঠ ভাইক যুঁজিলোহু প্ৰাণৰ কাতৰে।
ত্ৰিভুবন লোক কাম্পে দুইৰো পয়োভৰে
চব্বৰ চম্পট কিল লাথিৰ প্ৰহাৰ।
দান্তে নখে আঞ্চুৰিয়া কৰিলা প্ৰহাৰ॥
তেজে তল বল ভৈলা দুইহানো শৰীৰ।
মোত কৰি অধিক বলত বালী বীৰ॥
মৰণ শঙ্কট মোৰ মিলি গৈলা বৰ।
মৰ্ম্মস্থল চাই মই বৈসালোঁ চাপৰ॥
মূৰ্চ্চা গৈলে বালী দেখি মনত গুণিলোঁ।
ঋষ্যমুখ পৰ্ব্বতক ভিৰে লড় দিলোঁ॥
ঋষি শাপে বালীৰ মোহোৰ হিত ভৈলা।
খেদিধৰি নপাই মোক কিষ্কিন্ধ্যাক গৈলা
দুই ভাই কন্দল কৰিলোঁ যি কাৰেণে।
কহিলো সকল কথা তোমাৰ চৰণে॥
এবে তযু পাৱে প্ৰভু পশিলোঁ শৰণ।
তোমাৰ ভকতি দেব দুৰ্গতি তৰণ॥
এবে তযু বলৰ কটাল যেবে পাওঁ।
মাৰিবাহা বালীক যে তেবে পতিয়াওঁ॥
পৰ্ব্বত আকাৰ দুন্দুভিক লাথি হানি।
এক যোজনৰ পথ পেলাইলেক আনি॥