পৃষ্ঠা:কিষ্কিন্ধ্যাকাণ্ড.djvu/২১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯
অসমীয়া ৰামায়ণ।

পাত্ৰগণ সমে কৰি চৰণে ধৰিলোঁ।
প্ৰণতি পূৰ্ব্বকে মই প্ৰণাম কৰিলোঁ॥
পিতৃ সম জ্যেষ্ঠ ভাই প্ৰাণত অধিক।
আসিলা কুশলে এড়াইলোহু দূৰ্গতিক॥
আসিলাহা তুমি মোৰ গুছিল অপাই।
ৰাজ্য ছাড়ি দণ্ড পাট দিলো সমুদাই॥
পঞ্চ দশ মাস দ্বাৰে ৰাখিয়া আছিলোঁ।
গৰ্ত্ত ভৰি তেজ পূূঁজ বজাল দেখিলোঁ॥
ভয়ে শিলা গোট গৰ্ত্তৰৰ দ্বাৰ ঘুৰি।
শোকে কান্দি কাতি আসি ভৈলে নিজ পুৰি॥
পাঞ্চ পাত্ৰ মেল সবে কাৰ্য্য আলোচিল।
অৰাজ্যক ভয়ে মোক ৰাজা জোকাৰিল॥
তথাপি কৰিলোঁ দোষ দদা ক্ষমাকৰ।
চৰণত ধৰি তুতি কৰিলোঁ বিস্তৰ॥
ক্ৰোধে তথাপিতো মোক নেদিলা উত্তৰ।
স্বভাবত ক্ৰুুৰ জাতি দাৰুণ বানৰ॥
শান্ত কৰিবাক পাৰি সজ্জনৰ মন।
ভাগিলে গৰিবে পাৰি সুবৰ্ণ বাচন॥
দুৰ্জ্জনৰ মন শান্ত কৰণ নযাই।
মৃত্তিকাৰ পাত্ৰ গঢ় নলৱৈ দুনাই॥