পৃষ্ঠা:কিষ্কিন্ধ্যাকাণ্ড.djvu/২০

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
১৮
কিষ্কিন্ধ্যা কাণ্ড।

নিঃশেষ বচন পুনু বুলিলো বিস্তৰ।
হিত বোল নুশুনিয়া পশিল ভিতৰ॥
দ্বাৰ ৰাখি আছিলোহু পঞ্চদশ মাস।
দদাৰ তেজিলো মই জীৱণৰ আশ॥
বজাইল শাণিত দুগ্ধ গৰ্ত্ত গোট ভৰি।
নিশ্চয় জানিলোঁ মোৰ দদা গৈল মৰি॥
গৰ্ত্তৰ ভিতৰে বৰ আৰাৱ শুনিলোঁ।
শিলা গোট দিয়া ভয়ে দুৱাৰ মাৰিলোঁ॥
আসি লৈলো পৰকালে কিষ্কিন্ধ্যা নগৰ।
দেখি ৰঙ্গ ভৈলা মোক সমস্ত লোকৰ॥
মৰিলেক বালী জিজ্ঞাসিলা পাত্ৰলোক।
সেহি দণ্ড পাটে ৰাজ জোকাৰিল মোক॥
সমস্ত দেশৰ যত ভালুক বানৰ।
মোতে সবে আসি সেৱা কৰে নিৰন্তৰ॥
প্ৰকাশয় আতি সিংহাসন মাণিকৰ।
তাতে বসি ভোগ কৰোঁ যেন পুৰন্দৰ॥
কত কাল সুখে আছোঁ ৰাজ্য প্ৰতিপালি।
আসিলন্ত অসুৰ মাৰিয়া বীৰ বালী॥
মই ৰাজা ভৈলো দেখি বিহৰিল তিন্ত।
ক্ৰোধিলেক আগনিত যেন দিল ঘ্নত॥