পৃষ্ঠা:কিষ্কিন্ধ্যাকাণ্ড.djvu/১৮

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
১৬
কিষ্কিন্ধ্যা কাণ্ড।

ৰিপু কুল মৰ্দ্দন দুৰ্জ্জয় বীৰ বালী।
আপোন শৰীৰে জান্তি পেহ্লাইলা নিঢালি॥
দুই হাতে ধৰিতাক তুলি আলগাইলা।
বাম পাৱে লাথি হানি ক্ষেপিয়া পঠাইলা॥
প্ৰহৰেক পথ গৈয়া পৰিল উফৰি
ঋষ্যমুখ পৰ্ব্বতৰ কতো দূৰ জুড়ি॥
আছন্ত মাৰ্কণ্ড ঋষি অগনিৰ সম।
সেহি পৰ্ব্বতত তান আছয় আশ্ৰম॥
ধ্যান কৰি আছে ঋষি হৰিকেসে চিন্তে।
সকল শৰীৰ তান তিন্তিলা শোণিতে॥
ঋষিয়ে বোলন্ত কোনে পাপক চিন্তিল।
সকল শৰীৰে মোৰ শোণিতে তিন্তিল॥
অসুৰ ক্ষেপিয়া কোনে চিন্তিলেক মন্দ।
ঋষ্যমুখ হন্তে তাৰ পৰিবেক স্কন্ধ॥
এহি বুলি তৈৰ পৰা চালিলন্ত গাৱ।
জলত নামিয়া পখালিল হাত পাৱ।
বিষ্ণুক সুমৰি মন্ত্ৰ জপিলা মনত।
আসন ভিৰিয়া পুনু বসিলা ধ্যানত॥
খেদি নাসে বালী দদা সেহিসে কাৰণে।
পলাই পাঞ্চ বানৰ আছোঁ এহিথানে॥