পৃষ্ঠা:কিষ্কিন্ধ্যাকাণ্ড.djvu/১৭

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
১৫
অসমীয়া ৰামায়ণ।

বজ্ৰৰ সদৃশ লাগি গৈলা জৰাজৰি।
মহিষে বানৰে পৃথিবীত গৰাগৰি॥
বানৰক মহিষে আছাড়ে শিঙ্গে তুলি।
দুন্দুভিক নখে বালী পেহলাৱন্ত ফালি॥
মহাঘোৰ নাদে দুয়ো দুইহাঙ্ক গৰ্জ্জন্ত।
পৃথিবী কম্পিয়া গৈলা পাতাল পৰ্য্যন্ত॥
বন্ধ চন্ধ বিবন্ধ লাগিল যত যত।
প্ৰহাৰিবে সম্বৰিতে দুইহান্তো শকত॥
থিয় লাঞ্জ কৰি দুয়ো খেলনা কৰন্ত।
সবে দেবগণ ধৰ্ম্ম ধৰ্ম্ম সুমৰন্ত॥
ত্ৰিদশক দেখি ক্ৰোধ কৰিলা দুন্দুভি।
হানিবাক মনে গৈল দুই সিংহ উভি॥
তবধনয়নে ফোকাৰয় আতি ৰাগী।
উশাস লাগিয়া বৃক্ষসব যাই ভাগি॥
দুই শিঙ্গ জ্বলে যেন সনাৰ ত্ৰিশূল।
ত্ৰিদশে বোলন্ত ভৈল বালীৰ নিৰ্ম্মূল॥
সকল বানৰ বল ভৈগৈল বিভঙ্গ।
ইন্দ্ৰপুত্ৰ বালীৰ নাহিকে যে ভ্ৰুভঙ্গ॥
লীলায়ে বানৰ ৰাজা গাৱ চালিলন্ত।
শিঙ্গত ধৰিয়া তাক টানিয়া নিলন্ত॥

(২)