পৃষ্ঠা:কিষ্কিন্ধ্যাকাণ্ড.djvu/১৬

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
১৪
কিষ্কিন্ধ্যা কাণ্ড।

দুন্দুভি বোলয় ওৰে শুন বালি ৰাই।
স্ত্ৰীৰ আগত কেনে মাৰ মিছা টাই॥
মোৰ হাতে মৰিবি ৰাখন্তা নাহি কেৱ।
সত্বৰে সুমৰ যেবে আছে ইষ্টদেৱ॥
লুকাওঁ বালী নাও আজি মোৰ নাও ছাটে।
মই ৰাজা হও আজি এই দণ্ডপাটে॥
পাঞ্জৰ ফুৰিয়া মাৰোঁ সিংহৰ আছাড়ে।
শিৰখুলি মাৰোঁ নুহি লাথিৰ প্ৰহাৰে॥
হাসি বালীবোলে সিংহে বিন্ধি এৰ মোক
মুঠিৰ প্ৰহাৰে যমপুৰে নিবো তোক॥
শুনিয়া দুন্দুভি দিয়া বৈসাইলেক ডাটি।
বোম্বানে শোনিত বাজ ভৈলা হিয়া ফাটি॥
বালীও বৈসাইলা মুষ্ঠি ছোট বৰ পাই।
কপাল ফুটিয়া ঢাকি ৰুধিব বজাই॥
ক্ৰোধিল অসুৰ ঘোৰ লভিয়া প্ৰহাৰ।
গৰ্জ্জি খেদি যাই যেন মেঘ বাৰিষাৰ॥
নিৰ্ঘাত পৰিল যেন আটাস তেজিল।
বায়ু বেগে বালী ৰাইৰ সমীপ চাপিল॥
দুন্দুভি আসিল খেদি দেখি বীৰ বালী।
জাম্প দিয়া তেখনে ধৰিলা আঙ্কোৱালি॥