এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩
অসমীয়া ৰামায়ণ।
ধস মসি লগাইলেক পশি মধুবন।
খাইয়া দাইয়া বিধ্বংসিয়া কৰিলেক ছন্ন॥
দৱাৰৰ পাট লাথি মাৰিয়া ভাঙ্গিলা।
দ্বাৰীক মাৰিয়া ঘোৰ আটাসেক দিলা॥
নিৰন্তৰে বানাৰৰ কৰ্ণে তাল দিল।
লাগিল চমক বোলে নিৰ্ঘাত পৰিল॥
অহঙ্কাৰ কৰিয়া দুন্দুভি পাৰে গালি।
শুনি নসহিয়া বাজ, ভৈলা বীৰ বালি॥
হস্তিক লাগিয়া যেন সিংহে খেদি গৈলা।
তাৰা আদি পাটেশ্বৰী লগে চলি আইলা॥
কুসুম চন্দনে অলঙ্কাৰে দেহা ভৰি।
চোপাশে যোগাৱে ছত্ৰ চামৰক ধৰি॥
সমৰ ভূমিত বালী দেখিলন্ত পাছে।
পৰ্ব্বত সমান চণ্ড মহিষেক আছে॥
অসুৰক বালীৰাজা মাতিলা সম্বোধি।
জঙ্কাই মোক যমপুৰ গৈলি মন্দ বুধি॥
কালে তোক পাইলে মধুবন বিনাশিলে।
বালিক নিচিনি বেটা গৰ্ব্বতে নাশিলে॥
ক্ষুদ্ৰ মৃগ হৈয়া মত্ত সিংহক জঙ্কাইলে।
বিপাঙ্গে মৰিলা তুমি দেখিতে নপাইলে॥