পৃষ্ঠা:কিষ্কিন্ধ্যাকাণ্ড.djvu/১৩৭

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
১৩৭
অসমীয়া ৰামায়ন

লঙ্কা লাগি সেহিসে সম্মুখ হৱে পথ।
পাৰিবোহে এৰে ৰামৰ গুছাইতে কষ্ট॥
এহি বুলি সবাহাঙ্কে আশ্বাস কৰিয়া।
বায়ুত লড়িলা পাছে আকাশ ছানিয়া॥
পাছে সেনা গণে সবে সবাহাতে কয়।
সাধু সাধু পক্ষি যে সম্পাতি তনয়॥
যোগাইল এঘাৰ যাঠি হাজাৰ বৰিষ।
দেখি আছোঁ হেন শক্তি যাৰ আসৰিষ॥
পিঠিত ছাড়লোঁ আমি সবে হৃষ্ট পুষ্ট।
আকাশে ফুৰিলা দেখি সবে ভৈলোঁ তুষ্ট॥
যত নৃপতিৰ সবে আসে সেনা গণ।
বিমাৰষি বলে সবে যাৰ যেন মন॥
সম্পাতিৰ কথা, সিটো লক্ষ্মণে কহন্ত।
সীতাৰ বাৰ্ত্তাক নপাইলন্ত হনুমন্ত॥
সম্পাতিৰ কথা যিটো মনে সাৰ নাই।
শুন সেন গণে মাতে জাম্বুবানক চাই।
ধন্য জাম্ববন্ত তুমি ধন্য বুদ্ধিৰ সাৰ।
সব ভাল দেখো আমি বচন তোমাৰ॥
অগদে বোলন্ত সবে কাৰ্য্য আছোঁ পাই।
বৃদ্ধৰ বচন মানে কৰিতে যুৱাই॥
অঙ্গদ জাম্বুৱন্ত দুহানো বচন।
শিৰত ধৰিয়া লৈলা সবে সেনা গণ॥