পৃষ্ঠা:কিষ্কিন্ধ্যাকাণ্ড.djvu/১৩৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
অসমীয়া ৰামায়ণ
১৩৫

একবোল বলিবাক লাগে মোৰ ডৰ।
উৎকট দেখা যেবে তৰিতে সাগৰ॥
সাগৰ তৰিতে কেহু নকৰিবা শঙ্কা।
পঠিত ছড়িয়ো সবাহাকে নিবোঁ লঙ্কা॥
সুপাচ্চৰ বাণী পাছে শুনি সেনাবল।
আমাক লঙকাক নিবে তোৰ আছে বল॥
নুবুজি বোলস তযু সবাঙ্কে নিতে পাৰ।
জানো মাজ সাগৰত নিয়া দুবাইয়া মাৰ॥
শুনি সুপাচ্চে বোলে মনে ক্ৰোধ কৰি।
সত্যা সত্যে বোলহু ৰামৰ পাৱে ধৰি॥
তুমি যত সেনা আছা আৰ কৌটি হৌক।
সবাকে নিবাক পাৰোঁ পিঠিত উঠোক॥
এহি বুলি পক্ষিয়ে পিঠিক পাতিদিল।
বৰ বৰ বীৰ গণ পিঠিত উঠিল॥
আনো সব সেনাগণ লোমত ধৰিল।
সবাকো পিঠিত লই উৰাৱ কৰিল॥
সেনা লইয়া আকাশত ফুৰে লীলা কৰি।
সেনাগেণে জয় সুমৰন্ত ৰাম হৰি।
হেন শুনি সুপাঞ্চে গৈ ভূমিত সুমৰন্ত।
অঙ্গদক নমি বীৰে সেনাক নমিলা॥
সেনা গণে বোলে সাধু সম্পাতি নন্দন।
তযু পৰাক্ৰমে আমি তুষ্ট ভৈলোঁ মন॥