পৃষ্ঠা:কিষ্কিন্ধ্যাকাণ্ড.djvu/১২৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১২৪
কিষ্কিন্ধ্যা কাণ্ড।

তোমাৰ গাৱত প্ৰভু পখা দেখো নাই।
কহিয়োক পক্ষীৰাজ আৰ অভিপ্ৰাই॥
এহি বুলি যুবৰাজ মৌনে যে ৰহিল।
পাছে পক্ষী ৰাজ যে শোক উথলিল॥
বাগৰি পৰিল পাছে তাসম্বাৰ মাজে।
শোকে আৰ্ত্তৰাৱে কান্দিলন্ত পক্ষীৰাজে॥
কনিষ্ঠৰ সন্তাপে দেখস্ত অন্ধকাৰ।
মহামৰ্ম্মে তান বিলাপৰ নাহি পাৰ॥
হৰি হৰি প্ৰাণ ভাই তোক হৰুৱাইলোঁ।
কেনিনো পাপৰ ফলে দেখিতে নপাইলো॥
কৈক লাগি যাওঁ আবে কৰো কোন কাম।
নিৰন্তৰে নৰে ডাকি বোলা ৰাম ৰাম॥


দুলড়ি।

ওহি মতে পাছে,  কান্দিয়া সম্পাতি,
 কিছু সন্ধুক্ষণ ভৈলা।
অঙ্গদ প্ৰমুখ্যে, বানৰ গণত,
 কথা কহিবাক লৈলা॥