পৃষ্ঠা:কিষ্কিন্ধ্যাকাণ্ড.djvu/১১৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১১৮
কিষ্কিন্ধ্যা কাণ্ড।

শুনি চিন্তা শোকে বাক্য বোলে কপিগণ।
ভৈলন্ত আমাৰ ৰাম মৃত্যুৰ কাৰণ ॥
তানপদে নিজ পুত্ৰ ভাৰ্য্যাক হৰাইলো।
দুখ সাগৰত মজি পাৰক নপাইলো ॥
এহিমতে চিন্তা সবে কৰয় অধিক।
কপালে চাপৰ মাৰি গৰিহে বিধিক ॥
ঘোৰ নিশাকাল তৈত ভৈলা অনন্তৰে।
বৰ বৰ বীৰে বৃক্ষ শিলা লৈলা কৰে ॥
পৰ্ব্বতক ছানি সবে নিৰন্তৰে ৰৈল।
অন্যো অন্যে সবে কথা কহিবাক লৈল
কেকৈইক নিন্দে কেহো নিন্দে দশৰথ।
কেহো কেহো দুখ দেই ৰামক অধিক ॥
সুবৰ্ণৰ মৃগ দেখি খেদি গৈলা কিক।
কেহো কেহো বিমৰিষি দোষই সীতাক
লক্ষণক কিয়বা বুলি মন্দবাক।
কতোজনে দোষ দেই সুগ্ৰীৱ ৰাজাক ॥
ৰামক পাতিলা মিত্ৰ বধিতে আমাক।
জগতে খুজিয়া আমি নপালো সীতাক ॥
কৈৰৰাম কৈৰ সীতা কোনে জানে সঙ্গে।
তাহান নিমিত্তে আসি পৰিলোঁ বিপাঙ্গে ॥