পৃষ্ঠা:কিষ্কিন্ধ্যাকাণ্ড.djvu/১১৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১১৬
কিষ্কিন্ধ্যা কাণ্ড।

আদেশি পঠাইবো সব লক্ষ্মণ কুমাৰ।
বিচাৰিয়া বধিবেক ত্ৰৈলোক্য ভিতৰে॥
অঙ্গদে বুলিলা বাক্য সবাহাঙ্কে চাই।
নিষ্টে জানো মোহোৰ প্ৰাণৰ ৰক্ষা নাই॥
ক্ৰুড় খূড়াতে পাইলে দণ্ডিবে আমাক।
মই পুনু বুলিলো নযাইবো সত্যবাক॥
মইমাত্ৰ আছোঁ তান শত্ৰু অৱশেষ।
ক্ষমা নকৰিব অপৰাধ এক লেশ॥
ছল পাইলে নাক কাণ কাটিবে সমস্ত।
সিন্ধি খুজি ফুৰন্তে দুৱাৰে পাইলোঁ পথ॥
এতকাল ৰহি আছোঁ ৰামৰ নিদানে।
মই যেন মত সবে জ্ঞাতি গণে জানে॥
হা বিধি কিনো দণ্ড কৰিলা আমাক।
নপাইলোহো ৰামৰ চৰণ সেবিবাক॥
মাৰুতি বোলন্ত শুনা ভয় পৰিহৰি।
শুদ্ধ ভাৱ ৰাজাক নোবোলা হেন কৰি॥
পৰম ধাৰ্ম্মিক ৰাজা ধৰ্ম্মে তানকায।
কিষ্কিন্ধ্যাত তোমাক পাতিব যুবৰাজ॥
পূৰ্ব্বে দয়া তোমাত বালীৰ যেন ঠান।
সুগ্ৰীৱ বীৰৰো দয়া তত্তুল্য সমান॥