পৃষ্ঠা:কিষ্কিন্ধ্যাকাণ্ড.djvu/১১৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৫
অসমীয়া ৰামায়ণ।

অসমীয়া ৰামায়ণ।

প্ৰচণ্ডৰ নৃপতি কাটিবেক কাণ নাক।
সীতাক নপাইলো কিনো মিলিল বিপাক॥
কেহো বোলে এড়িলোহো পুত্ৰ পৰিবাৰ।
নাক কাণ কাটিবেক কি কাৰ্য্য জীবাৰ॥
কেহো বোলে লঙ্ঘি এৰো সাগৰৰ অন্ত।
মাসেকত নপাইলে নৃপতি দণ্ডিৱন্ত॥
শ্ৰীৰাম লক্ষ্মণ সুগ্ৰীৱত আগোচৰে।
হেন থান আছে জানা তৰিতে বানৰে॥
বন্ধু বান্ধৱক এৰিতৈকে পলাই যাওঁ।
তেবে নৃপতিৰ ঘোৰ দণ্ডক এড়াওঁ॥
মনত আলোচি কেহোজনে ফেলে বাক।
এ* যেবে পাওঁ আমি সীতাৰ বাৰ্ত্তাক॥
জানদিযা নৃপতিক কৰিবোঁ কাতৰ।
তেৱে কিয আমাক দণ্ডিবে নৃপবৰ॥
ডৰে কাউ বাউ কৰে কতহু বানৰ।
তাৰ পাছে অন্যে! অন্যে দিলন্ত উত্তৰ॥
যাইবেহো আমি সবে ভয় পৰিহৰ।
আসা পলাই থাকে সবে দ্বিপ দীপান্তৰ॥
হনুমন্তে বোলে ওবা শুনিয়োক তাৰ।
ছৱাল থান দেখো চৰিত্ৰ যে তোমাৰ॥