পৃষ্ঠা:কিষ্কিন্ধ্যাকাণ্ড.djvu/১১৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১১৪
কিষ্কিন্ধ্যা কাণ্ড।

ধন্য ধন্য স্বয়ম্প্ৰভা জীবন তোমাৰ।
ৰাঘবৰ সেনা কপি ভালুক বানৰ॥
তপোবলে এক খান হাতে তুলি ধৰি।
লীলা ৰূপে থৈলাহা গৰ্ত্তৰ বাজ কৰি॥
দুৰ্গতি এৰালোঁ বৰ তোমাৰ কাৰণে।
তোমাৰ ভকতি হৌক ৰামৰ চৰণে॥
প্ৰশংসা বচনে স্বয়ম্ প্ৰভা ৰঙ্গ পাইলা।
বিদায় কৰিয়া নিজ থানে চলি গৈলা॥
অনন্তৰে কপিগণে মাথা তুলি চাইলা।
গম্ভীৰ বিস্তাৰ সমুদ্ৰক ভেট পাইলা॥
পৰ্ব্বত সমান ঢউ উঠলে অপাৰ।
আকাশে সাগৰে দুইকো দেখি একাকাৰ॥
গম্ভিৰ মগৰ মৎস্য কচ্ছপ সকল।
আৱলিয়া সাগৰৰ উথলয় জল॥
পৃথিবী এড়িয়া ঢউ স্বৰ্গকো লঙ্ঘয়।
অগাধ দুৰ্গম সিটো বৰুণৰ নয়॥
মহোদধি তীৰে বিন্ধ্য পৰ্ব্বত মূলত।
তাতে গৈয়া বসিলন্ত কপি গণ যত॥
আলোচিবে লৈল যত মহা মহাবলী।
বিমৰিষি ষোলে দিন গৈলে উকলি॥