পৃষ্ঠা:কিষ্কিন্ধ্যাকাণ্ড.djvu/১১৩

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
১১৩
অসমীয়া ৰামায়ণ।

কিনো ভাগ্য তুমি সব ৰাম দূত লোক।
ৰামৰ চৰণে মোৰ ভকতি থাকোক॥
শুনা ৰাম দূত লোক বচন আমাৰ।
পশিল গৰ্ত্ত ইটো মহা অন্ধকাৰ॥
যমৰ কৰণে গৈলে আছে পৰিঅন্ত।
ততোধিক দেখোঁহো দুৰ্ব্বাৰ ইটো গৰ্ত্ত॥
চক্ষু মুদি সবেয়ো বাহুত মোৰ ধৰা।
মোৰ তপ বলে সবে গৰ্ত্তক নিস্তৰা॥
হেন শুনি তেতিক্ষণে বানৰ সকলে।
তাহানে বাহুত ধৰিলন্ত কৌতু হলে॥
লীলায়ে সবাকে সতী তুলি আলগাইল।
সয়ম্প্ৰভা তপোবলে গৰ্ত্তৰ বজাইলা॥
দক্ষিণ সাগৰে বিন্ধ্য পৰ্ব্বতৰ কোলে।
তৈতে থৈয়া পাছে সয়ম্প্ৰভা বাক্য বোলে॥
বাহুৰ এড়িয়ো সবে চক্ষুক মেলিয়ো।
ভৈলাহা গৰ্ত্তৰ বাজ প্ৰসন্ন দেখিয়ো॥
হেন শুনি কপিগণ চক্ষুক মেলিল।
ভৈলোহু নিস্তাৰ বুলি ৰাহুৰ এড়িল॥
সয়ম্প্ৰভা তপোবল বানৰে দেখিল।
মনত হৰিযে আৰু আশ্বাস কৰিল॥