পৃষ্ঠা:কিষ্কিন্ধ্যাকাণ্ড.djvu/১০৫

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
অসমীয়া ৰামায়ণ।
১০৩

এবে এথানত যেবে খুজিয়া নপাবা।
সাগৰৰ মাজত লঙ্কাত, পাছে চাবা॥
বাট ভেণ্টি সাগৰত আছে ছায়ায গ্ৰাসি।
তাই পাইলে গিলবে সকলে যাইয়া চাহি॥
ৰাৱণৰ নিজ থান লঙ্কা যে নগৰি।
পাইবাহা সীতাক খুজি সমুদ্ৰক তৰি॥
যত মানে চন্দ্ৰ সূৰ্য কিৰণ পোহৰ।
যমপুৰ মানে খুজিবাহা নিৰন্তৰ॥
তাত পাছে যাহ্বাহা দক্ষিণৰ দিশ।
ঘোৰ অন্ধকাৰ তাত কৰিবাহা কিস॥
সাতখান সমুদ্ৰ পৃথিৱী সাত খান।
নদ নদী সকল আৰ যত বন॥
সংকট প্ৰকট গম্য মানে ফুৰি চাইবা।
নিশ্চয জানিয়া আসি বাত্তাক জনাইবা॥
নকৰিবা হেলা কেহো ৰামৰ কাৰ্য্যত।
সবাৰে ভকতি হৌক ৰাম চৰণত॥
কৈৰা হনুমন্ত বুলি ৰাঘবে মতাইল।
সংক্ষেপ কহিবে প্ৰতি সমীপ চপাইল॥
তুমিসে সীতাক খুজি পাইবাহা নিশ্চয়।
প্ৰাণেশ্বৰী তোমাতেসে যাইবো প্ৰত্যয়।