পৃষ্ঠা:কিষ্কিন্ধ্যাকাণ্ড.djvu/১০১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৯
অসমীয়া ৰামায়ণ।

আসিলা কেশৰী পাছে ব্ৰহ্মাৰ তনয়।
তাহান লগত সৈন্য বহুত আছয়॥
পদ্ম কেশৰৰ বৰ্ণ সবাৰো শৰীৰ।
মাৰুতিৰ পিতা এন্তে প্ৰখ্যাত যে বীৰ॥
ধুম্ৰ আসি মিলিল লাগিল হুক হুক।
দশ কোটি সেনা তান সকলে ভালুক॥
ব্ৰহ্মাৰ নন্দন আসিলন্ত জাম্বুৱন্ত।
তান লগে ভালুক কটক অপৰ্য্যন্ত॥
চিৰকাল জীৱন্ত বৃদ্ধিৰ নাহি অন্ত।
অনেক উপায় বুদ্ধি কাৰ্য্য সাধিলন্ত॥
বিশ্বকৰ্ম্ম সুত হেৰ আসি ভৈল নীল।
অসংখ্য বানৰ সেনা বাৰমহা বল।
লগে লৈয়া কোটী সংখ্যা আসিল সম্পাতি।
হাসিলা গবাক্ষ আৰো গোলাঙ্গল জাতি॥
অনন্তৰে মহাবীৰ আসিল পলস।
তান লগে আসিল বানৰ কোটী দশ॥
গন্ধ মাদনক লক্ষি বীৰ গণি তাত।
তান লগে আসিল বানৰ অসংখ্যাত॥
আনো যত বীৰ আইল কোনে লৱে নাম।
ৰাম লক্ষ্মণক সবে কৰয় প্ৰণাম॥