পৃষ্ঠা:কিষ্কিন্ধ্যাকাণ্ড.djvu/১০০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৯৮
কিষ্কিন্ধ্যা কাণ্ড।

শ্ৰীৰাম লক্ষ্মণ সমে আছন্ত আকলি
প্ৰথমে আসিয়া মিলিলন্ত শতবলী॥
আতি আড়ম্বৰে বীৰে কৰি আতি মুটি।
তান লগে আসিলা বানৰ শত কোটি॥
পাছে আসি মিলিলন্ত সুষেণ নৃপতি।
কাঞ্চনৰ বৰ্ণ তনু সূৰ্য্য ৰাজাঅতি॥
সুগ্ৰীৱৰ শ্বশুৰ তাৰাৰ তেহু পিতা
অযুতেক বানৰে যোগায়া চতুৰ্ভিতা॥
যুবৰাজ অঙ্গদ তেহে বালী ৰাজা সুত।
দেখন্তে ৰিপুৰ ত্ৰাস মিলে অদভুত।
নিশ্চয় শুনিও তান কটক যতেক।
সহস্ৰেক পদ্ম আৰু সংখ্যাত শতেক॥
কষটিৰ বৰ্ণ দেখি যাহাৰ নিশ্চয।
দশকোটি সেনা লৈয়া আসিলন্ত গয়॥
সহস্ৰ সংখ্যাত কোটি লৈয়া হনুমন্ত।
আসিলন্ত যাৰ বল বীৰ্য্য অপৰ্যন্ত॥
আঙ্গাৰৰ বৰ্ণ তনু আগত মিলিল।
শত কোটি বীৰ সম এন্তে বীৰ নীল॥
দ্বিবিদ বানৰ আইল বীৰ বলীযাৰ।
পাঞ্চ কোটি সৈন্য লইয়া আসিলন্ত তাৰ॥