পৃষ্ঠা:কিষ্কিন্ধ্যাকাণ্ড.djvu/১০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কিষ্কিন্ধ্যা কাণ্ড


পদ।

অভিপ্ৰায় অলঙ্কাৰ দেখিলন্ত থিত।
আগতে আনিয়া তেবে কৰোঁ উপস্থিত॥
আচিলেক নাচিলেক জানকী সীতাত।
হুয়ো পৰিচয় দেখি আপুনি সাক্ষাত॥
ৰাঘৱে বোলন্ত শুনা বচন আমাৰ।
প্ৰাণত অধিক মোৰ তুমি মিত্ৰ সাৰ॥
কৰিয়োক হৃদয়ত সন্তোষ বিস্তৰ।
মই চক্ষু দেখোঁহু বান্ধৈৰ অলঙ্কাৰ॥
অলঙ্কাৰ আগত সুগ্ৰীৱ আনি দিলা।
দুইহাত মেলি ৰামে হৃদয়ত লৈলা॥
হা প্ৰাণেশ্বৰী বুলি কান্দি মূৰ্চ্চা গৈলা।
ভূমিত পৰিয়া প্ৰভু অচেতন ভৈলা॥
ক্ষণেক চেতন পাই ত্ৰৈলোক্যৰ নাথ।
হা সীতা বুলি মুঠি হানন্ত হিয়াত॥
বিহা কৰি আনিলোহু আতি অভি যোগ।
তোক মোক বঞ্চিলেক অযোধ্যাৰ ভোগে॥
নেত্ৰক মেলিয়া এক দিশক নচাইলো।
পিয়াসে পীড়িলা অন্ন খুজিয়া নপাইলো॥