পৃষ্ঠা:কাৰেঙৰ লিগিৰী.djvu/৯৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯২
কাৰেঙৰ লিগিৰী


 গছে মইনা সেউজীয়া,
 পাতে মইনা সেউজীয়া পাত,
মইনা চৰাইটিয়ে গছৰ ডালে পাতে পৰি
 তোলকে মাতিছে মিঠা মিঠা মাত।
আমনে জিমনেকৈ
 থাকনো তই কিয় ঐ
  গালতেনো দিয় কিয় হাত?
  হাঁহ অ’ মোৰ মইনা
   হাঁহ অ’ হাঁহ।
ভালেনো পাও চাবলৈ,
 ৰঙা ওঠৰ হাঁহিৰ সতে
  জিকি মিকি দুয়োপাৰি দাঁত।

ৰুণুক—ৰজাৰ লৰা, এতিয়া তোৰ মন ভাল লাগিছেনে?

[ সুন্দৰে হাঁহি মূৰ জোকাৰে ]

তেন্তে তহঁতে এতিয়া একো নাখাৱনে? চাচোন বেলিটো মূৰৰ ওপৰ পালেহি নহয়। এইয়া আমি আলু আনিছো, কচু আনিছো। যা তহঁতে নিজৰাত গা ধুই আহগৈ। আমিও গা ধুই মইনাক লগত লৈ আহিম। তই তেতিয়া বৰ ভাল পাবি নহয় নে?

সুন্দৰ—( উঠি ) বাৰু ৰুণুক তহঁত যা মই যাম।

ৰুণুক—আমি এতিয়াই আহিম দেই।

[ ৰুণুক, জুনুক, ঠুনুক যায়গৈ। বপুৰা সোমাই আহে। ]

বপুৰা—পিছে ঈশ্বৰসকলে জানো গা নিতিয়াই? বন্দীয়ে খাবলৈ সকলো যতাই পিতাই আহিছো নহয়। সুদৰ্শন—বলা সুন্দৰ।