হাতত আৰিয়া লৈ কিছুমান চাওডাঙ আহি তাত ওলাই আটাই-
বোৰকে বেঢ়ি ধৰে “এইজনী শেৱালি শেৱালি” বুলি চিয়ৰিবলৈ
ধৰে। ৰুণুক, জুনুক, ঠুনুকহঁতে ভয়ত চিয়ৰিবলৈ ধৰে। অনঙ্গ কঁকালত
টঙালি বান্ধি তৰোৱাল খাপৰপৰা উলিয়াই তৰোৱাল দাঙে]।
(বজ্ৰ গম্ভীৰ মাতেৰে ) তহঁতক কি লাগে।
১ম চাওডাঙ—শেৱালি লিগিৰীক।
অনঙ্গ—সজে সজে উভতি যা।
১ম চাওডাঙ—শেৱালি লিগিৰীক আমি লৈ যাম আমাৰ স্বৰ্গদেৱৰ আদেশ। এনেয়ে নিদিলে আমি বলেৰে নিম।
অনঙ্গ—তেন্তে (বুলি ককালৰ শিঙা এটা বজায় দূৰত কিৰিলি শুনা যায়)
১ম চাওডাঙ—ধৰ ককাইহত তাইক ল।
[ চাওডাঙ আৰু অনঙ্গৰ ভিতৰত যুঁজ আৰম্ভ হয়। গোটইখন হুৱা- দুৱা লাগে। কিছুমান নগাই যাঠি জোং লৈ তাত যোগ দিয়েহি। এই গোলমালৰ ভিতৰৰপৰা ৰুণুক, জুনুক, ঠুনুক আৰু শেৱালি আঁতৰি দূৰলৈ যায়গৈ। কেবাটাও চাওডাঙ ঘাইল হয়। এনেতে সৰহকৈ কিছুমান চাওডাঙৰ সতে এজন ৰাজবিষয়া, মূৰত পাগমৰা আৰু মুখ খন চকু নাকৰ বাহিৰে আন ঢাকি, হাতত তৰোৱালৰে ওলায়হি ]
ৰাজবিষয়া—কোনে ৰজাৰ মানুহক কৰ্ত্তব্যত বাধা দিছে।
অনঙ্গ—(আগবাঢ়ি) মই দিছো। কৰ্ত্তব্যত নহয় অন্যায়ত বাধা দিছো আৰু শেষলৈকো দিম।
ৰাজবিষয়া—কোন, কোন তুমি।
অনঙ্গ—যেয়ে নহলো। এই ৰাজ্য তোমাৰ ৰজাৰ নহয়। ইয়াৰ প্ৰজাৰ ওপৰত তোমাৰ অধিকাৰ নাই। ভৈয়ামৰ অন্যায় অধৰম পৰ্ব্বতলৈ নুতুলিবা। যৰ মানুহ তলৈ উভতি যোৱাগৈ।
ৰাজবিষয়া—( মুখৰ কাপোৰ গুচা য়) নহয় বন্ধু অনঙ্গৰাম অন্যায় অনা নাই ন্যায় লগত লৈ আহিছো।
অনঙ্গ—(বৰ আচৰিত হৈ) অ’ সুন্দৰ আকৌ কি নব অভিযান;