তাইলৈ মনত পৰিলে মই নাচো, কিজানি তাই দূৰৰ পৰা মোক নচা দেখি থাকিব নোৱাৰি লৰ মাৰি চাবলৈ আহে। কতা পিছে মই নাচি আছো , পৰ্ব্বতৰ টিঙত উঠি নাচিছো, নৈৰ পাৰত নাচিছো, বনৰ মাজত নাচিছো, ভৈয়ামৰ পথাৰত নাচিছো, ক’তা চাৰাপেন দেখোন মোৰ নাচ চাবলৈ লৰ মাৰি নাহে।
অনঙ্গ—( হুমুনিয়াহ কাঢ়ি ] তোৰ এই নাচৰ কত শেষ হব তেন্তে আৰু? বুজিলো ই তোৰ অনন্ত নৃত্য। ব্যৰ্থ প্ৰেমিকৰ ব্যৰ্থ নৃত্য। ( নগালৰাটোৱে একো নুবুজি অনঙ্গৰ ফালে চাই থাকে ) বাৰু, তোৰ নাচ মই চালে ন’হবনে?
নগালৰা—নহব নহব! কচোন বাৰু মোৰ চাৰাপেন কলৈ গল?
অনঙ্গ—তোৰ চাৰাপেন গছৰ কুমলীয়া পাত হল, ৰঙাফুল হল, হালধীয়া চৰাই হল, জুৰিৰ পানী হল, বৰষুণৰ টোপাল হল।
নগালৰা—( তন্ময় হৈ শুনি ) আৰু কি হল?
অনঙ্গ—ধুনীয়া পখিলা হল, পুৱাৰ বতাহ হল, বেলিৰ পোহৰ হল, জোনৰ হাঁহি হল, নীলা আকাশ হল!
নগালৰা—তেন্তে গছপাত, ফুল , পখিলা, হালধীয়া চৰাই ,জুৰিৰ পানী, বৰষুণ, ৰদ, বেলি, জোন, তৰাক মই মৰম কৰিলে, ভাল পালে চাৰাপেনক মৰম কৰা হ’বনে? ইহঁতে মোৰ নাচ দেখিলে চাৰাপেনে দেখিবনে?
অনঙ্গ—পাব,পাব, দেখিব, দেখিব।
নগালৰা—( হাঁহি জঁপিয়াই কিৰিলি পাৰি ) ভাল হল, কেনে ভাল হল! এজনী চাৰাপেনৰ পৰা কিমানবোৰ চাৰাপেন হল। তেনে এতিয়া যদি পৰ্ব্বতে ভৈয়ামে যতে থাকো