তেও। সিহঁতে তোক ইয়াত এৰি থৈ গ’লগৈ নেকি?
[ এইবুলি কলত শেৱালিয়ে উচুপি উচুপি কান্দে ]
ৰুণুক—কিয় কান্দিছ,নেকান্দিবি। তোকনো সিহঁতে কিয় এৰি গল অ’?
শেৱালি—মোক ঘৰৰ পৰা খেদাই দিছে। [ আকৌ কান্দে ]
ৰুণুক—নেকান্দিবি অ’। দিয়ক বাৰু সিহঁতে খেদাই, তই আমাৰ লগত থাকিবি। আমাৰ বাই-ভনীৰ দৰে থাকিবি। আমি তোক বৰ মৰম কৰিম। আমাৰ লগত থাকিবলৈ অলপো দুখ নেপাৱ। আমাৰ আই বোপায়ে তোক মৰম কৰিব। তোৰ কোনো নাই নেকি অ’?
শেৱালি—ওঁহো।
ৰুণুক—আই ঐ দেহি৷ পিছে তই আমাৰ লগত থাকিবিনে?
শেৱালি—নেথাকি আৰু কলৈ যাম?
ৰুণুক, জুনুক, ঠুনুক—( নাচি জঁপিয়াই ) বৰ ভাল হ’ব, আমি এতিয়া চাৰিজনী হলো।
[ আটাইকেইজনীয়ে শেৱালিক সাৱটি ধৰি চুমা খাই ]
ৰুণুক—পিছে পিছে আমি তোক কি বুলি মাতিম? ওঁ ?
শেৱালি—ওঁ—মোৰ—নাম—ৰ—কওঁ—বাৰু—
ৰুণুক—ওঁ—ওঁ-—মই কওঁ—মই কওঁ—মই কওঁ—দেই। তই হৈছ ভৈয়ামৰ মইনা পখী। মই—না! অ, মই—না—ম—ই—না। ঠিক ঠিক ঠিক হ’ব। পিছে মইনা ,গীত এটা নোগোৱানে? আমি তেও তোমাৰ গীত শুনিলোহে।
শেৱালি—( হাঁহি )মোৰ যদি শুনিছিলি তহঁতে এটা মোক গাই নুশুনাৱ কিয়? মই যদি ভৈয়ামৰ পোহনীয়া মইনা তহঁত