আকাশ পৱন জোৰা
একেখনি ছবি অ’
কৰি থবি মোৰ এই
জীৱনকে বিয়াকুল।
[ এনেতে “এইজনী কোন অ”!!! বুলি তিনিজনী নাগিনী ছোৱালী ৰুণক, জুনুক আৰু ঠুনুক সেই ঠাইডোখৰলৈ আহি তভক মাৰি ৰয়, আৰু ভয় খোৱা যেন কৰে। তাৰ পাছত আগতকৈ লাহেকৈ ৰুণুকে কয়, “এইজনী কোন অ’?” তিনিওজনীয়ে মুখলৈ চোৱা-চুই কৰি আৰু লাহেকৈ জুনুকে কয়, “এইজনী কোন অ’?” তাৰ পাছত মুখত আঙুলি দি ঠুনুকে আন দুজনীৰ চকুলৈ চোৱা-চুই কৰি তাতোকৈ লাহেকৈ কয়, “এইজনী কোন অ’?” ]
শেৱালি—( সিহঁতৰ ফালে চাই অলপ হাঁহা যেন কৰি ) এই কেইজনী নো কোন?
[ প্ৰত্যেকজনীয়ে ইজনীৰ মুখলৈ সিজনীয়ে চাই নিজৰ গালৈ আঙুলিয়াই ]
১ম জনী—মই ৰুণুক,
২য় জনী—মই জুনুক,
৩য় জনী—মই ঠুনুক
[ এই বুলি তাহাঁতে খিল খিলকৈ হাঁহি দিয়ে ]
ৰুণুক—ভয়ামৰ ছোৱালী তই ভয় খাইছনেকি?
শেৱালি—নাই খোৱা কেলেই খাম? তহঁতে মোক দেখি ভয় খোৱা নাই দেখোন! মই দেও বুলি জনা নাই হ’বলা ৷
[ আকৌ আটাইকেইজনীয়ে খিল খিলকৈ হাঁহি দিয়ে ]
ৰুণুক—ইহ্! আমি হবলা নেজানো তই কেলেই দেও হবি অ’? তই ভৈয়ামৰ ছোৱালী জনীহে তেওঁ। আমি তোক দূৰৰে পৰা সেই ভয়ামৰ মানুহৰ সতে অহা চাই আছিলোহে