পৃষ্ঠা:কাৰেঙৰ লিগিৰী.djvu/৭২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৮
কাৰেঙৰ লিগিৰী

২য় চাওডাং—শেৱালি অ’ আই—চালি এখন খাবিনে?

শেৱালি—নেখাওঁ।

[ আটাইকেইটা চাওডাঙে চাৰিওফালে চকু ফুৰাই চাই কিছুপৰ মনে মনে থাকে ]

১ম চাওডাং-পিছে আই শেৱালি, আমাৰ কথা হ’লে এয়েই। দেখিছই নহয়, আমাৰ ৰাজামাও দেউতাই তোক কোনোবা ৰাজ্যত এৰি থৈ আহিবলৈ কৈছে আৰু তয়ো যদি আমাৰ পিছতে নগৰ ওলাৱগৈ আমাৰ থিতাতে মৰণ। তয়ো যেন কেতিয়াও আৰু দেশত মুখ নেদেখুৱাই আমাৰ জীৱ দান দিয়। ভৈয়ামলৈ তই উভতি গ’লে আৰু আমাৰ মূৰ গাৰিত নাথাকে। ইয়াকহে ক’লো আই। তয়ো আৰু কথাষাৰ বুজিবি বুলি তোৰে আৰু প্ৰভু ভগৱন্তৰ ওপৰত ভৰষা কৰি ইয়াতে এৰি থৈ যাম। নগাহঁত বৰ ভাল মানুহ। সিহঁতৰ সৈতে মিতিৰালিকৈ থাকিবি নহ’লে আৰু আন উপায় নাই।

২য় চাওডাং—এৰা শেৱালি, তোৰ মুখলৈ আমি যেনেকৈ চালো তয়ো যেন আমাৰ মুখলৈ চাৱ আই।

শেৱালি—(কিছুপৰ মনে মনে থাকি) চাওডাং ককাইহঁত, তোমালোকে এচুলিমানো ভয় নকৰিবাহঁক। ইয়াতে আও মৰণৰে মৰিবলৈ হ’লেও মই আৰু ভৈয়ামত মুখ নেদেখুৱাওঁ। সেইটো সইতে জানিবা। ভৈয়ামত নো কাৰ মুখ চাবলৈ যাম আৰু।(কান্দে)

১ম চাওডাং—নেকান্দিবি আই নেকান্দিবি। হৰি নাম লৈ থাকিবি আই। প্ৰভু ভগৱন্তই যদি তোক মৰণৰপৰা সৰুৱাইছেই তেৱেঁই তোক সকলো বিঘিনিৰপৰা ৰাখিব আই। যিমান