পৃষ্ঠা:কাৰেঙৰ লিগিৰী.djvu/৭০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৬
কাৰেঙৰ লিগিৰী


সুন্দৰ—তুমি যদি তাকে কোৱা তেন্তে মই আৰু কৰিম। মোক শেৱালিক আনি দিব লাগিব। চাওডাং বৰুৱা, লিগিৰী-লিগিৰী, তুৰন্তে তুৰন্তে তাইক বিচাৰি উলিয়াই আন। (ৰাজমাওক ) কাৰেঙত সুমবা নোৱাৰো? আই মাতৃ, তোমাৰ এই হুকুম আমান্য কৰিম। তাকে কৰিয়েই নেৰো তাতকৈ আৰু কৰিম। তোমাৰ আজ্ঞা, সমাজৰ আজ্ঞা মোৰ উপৰি পুৰুষৰ আজ্ঞা, শাস্ত্ৰৰ বিধান, শাস্ত্ৰকাৰৰ নিবন্ধন, আটাইবোৰৰ বিৰুদ্ধে যাম। মই শেৱালিক কাৰেঙৰ ভিতৰলৈ আনিম—মই মই তাইক বিয়া কৰাম। ( আটাইবোৰ চকখাই উঠে ) আৰু—আৰু কি কৰিম জানিছানে আই মাতৃ—গোটেই কাৰেঙক, গোটেই ৰাইজক তাইৰ আগত আঁঠু লোৱাম—তাইক মই কাৰেঙৰ লিগিৰি গুচাই কাৰেঙৰ কুঁৱৰী কৰিম।