পৃষ্ঠা:কাৰেঙৰ লিগিৰী.djvu/৬১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৭
কাৰেঙৰ লিগিৰী

তাই ভাল পোৱা দিব! স্বাৰ্থৰ অগ্নিত ভাল পোৱা পুৰি ভস্ম কৰি ছাইসোপা আনি আগত ধৰি কৈছে, “হোৱা এয়া ভাল পোৱা” আৰু আমি পুৰুষে সেই ছাইখিনিকে গাত সানি সকলো পাহৰি প্ৰণয়ৰ ধুনী জ্বলাই—তিৰোতাৰ প্ৰেমৰ বৰাগী।

[ শেৱালিয়ে একো বুজিব নোৱাৰি তবধ লাগি থাকে। ]

তই মোক এনেয়ে ভাল নাপাৱ। ভাল পোৱাৰ ছাই তহঁতে পুৰুষৰ চকুত মাৰি পুৰুষক কমা-মুনা কৰ, পুৰুষক ভুৱা দিয়া মায়াবিনী।

[ এই বুলি সুন্দৰ শেৱালিৰ ওচৰলৈ চোঁচা মাৰি যোৱাদি যায় আৰু শেৱালি পাছ হুহকি যাওঁতে মেখেলাত গচকা খাই পৰে ]

সুন্দৰ—( তাচ্ছিল্যৰে ) এনেয়ে ভাল পাৱ! এনেয়ে ভাল পাৱ!

[ শেৱালিয়ে কান্দিবলৈ ধৰে ]

এনেয়ে ভাল পাৱ? এনেয়ে?

শেৱালি—(কান্দি কান্দি) পাওঁ। এ—নে—য়ে। (কান্দে)

সুন্দৰ—মিছা—মিছা মিছা।

শেৱালি—(বৰকৈ উচুপি উচুপি ) পা—ওঁ—এনে—য়ে।

 [ সুন্দৰে বিৰক্তি আৰু ঘৃণাৰে শেৱালিলৈ চাই আহি পালেঙত বহেহি। শেৱালিয়ে কান্দি কান্দি উঠিবলৈ ধৰে। সুন্দৰে তীব্ৰভাৱে চাই থাকে। তাৰ পাছত সুন্দৰে খঙেৰে শেৱালিৰ ওচৰলৈ আহি তাইৰ বাহুত ধৰি থিয় কৰি দুৱাৰৰ ফালে হেচোক মাৰি পঠায়। তাই পৰিবলৈ ধৰো ধৰো হৈ ৰয়গৈ। উচুপি উচুপি এখোজ দুখোজ কৈ ওলাই যায়গৈ। সুন্দৰে থৰ লাগি তাইৰ ফালে চাই থাকি পাছ হুহকি আহি পালেঙৰ ওচৰত ৰয়হি। লাহে লাহে সুন্দৰৰ উগ্ৰ মুখখন কুমলি আহে। কিবা এটা কাৰুণ্যই সুন্দৰক জুমুৰি দি ধৰেহি। সুন্দৰ কৰুণ কোমল ভাৱত অভিভূত হৈ পৰে। দীঘলকৈ উশাহ লৈ পালেঙত বহে। আৰু কিবা এক ভাৱত থাকি দুই হাতেৰে নিজে নজনাকৈয়ে যেন পালেঙৰ কাপোৰবোৰ সামৰি-সুতৰি আনি বুকুৰ মাজত সাৱটি ধৰি দীঘলকৈ হুমূনিয়াহ পেলায় ]