সুন্দৰ—শেৱালি এই ফালে আহ! (শেৱালি আচৰিত হৈ উভটি আহে। আৰু
সুন্দৰৰ মুখ ৰঙা পৰে) দুৱাৰখন জপাই আহ।
[ শেৱালিযে কি কৰ কি নকৰকৈ ধৰক বৰক কৰি দুৱাৰৰ ফালে
যাও নাযাওকৈ সুন্দৰৰ মুখলৈ চাই থাকে।
সুন্দৰ- (অলপ খঙেৰে। দু—ৱাৰ খ—অন জপাবলৈ কৈছো নহ—য়ই।
[ শেৱালি কিংকৰ্তব্যবিমূঢ় হৈ নীৰৱ নিস্পন্দ হৈ শিলা মূৰ্ত্তিৰ দৰে মাথোন সুন্দৰৰ মুখলৈ চাই থাকে। ]
তই শুনিছনে—নাই?
[ শেৱালিযে খৰকৈ গৈ দুৱাৰ জপাই আহি নিৰীহ ভাবে ঠিয় দি থাকে। সুন্দৰ ওচৰলৈ আহি আক্ৰমনৰ ভাবেৰে ]
তই এইদৰে যতে ততে এইবোৰ কি কথা উলিয়াই ফুৰিছ?
শেৱালি—মইনো কি উলিয়াম।
সুন্দৰ—মানুহে এইবোৰ কথা কৰ পৰা কবলৈ পাইছে?
শেৱালি-- জানো মানুহে এইবোৰ কিয় উলিয়াইছে।
[ সুন্দবে শেৱালিৰ মুখৰ ভাব লক্ষ কৰি পাছ হুহকি পালেঙত বহি ]
সুন্দৰ—শেৱালি, তই মোক ভাল পাৱনে?
শেৱালি—( স্বাভাৱিক ভাৱে ) পাও কোঁৱৰ।
সুন্দৰ—(উগ্ৰ হৈ) মোক—ভা—ল পাৱ?
শেৱালি—( ভয় খাই নমতা হয় )
সুন্দৰ—( আত্ম সম্বৰণ কৰি ) কিয়? কিয় ভাল পাৱ?
শেৱালি—এনেয়ে ভাল পাওঁ।
সুন্দৰ—( তীব্ৰতা আৰু ঘৃণাৰে ) এনেয়ে পাৱ—? কেতিয়াও নহয়। ভাল পাৱ? এনেয়ে? এনেয়ে? মই—মই তোৰ তিৰোতাৰ লুইত বান ফেনে ফোটোকাৰে বোৱা আকাঙ্ক্ষাৰ ভালকৈ সোণ—ৰূপ—মণি—মুকুতাৰে যোগান ধৰিব পাৰিম বুলি। সেই কাৰণে—সেই কাৰণে ভাল পাৱ? তিৰোতা—তিৰো