পৃষ্ঠা:কাৰেঙৰ লিগিৰী.djvu/৫১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৭
কাৰেঙৰ লিগিৰী

নোযোৱা। যি ৰথৰ বাঘজৰী ধৰি তুমি নিৰ্ম্মম ভাবেৰে, আমাৰ ওপৰেদি ৰথ চলাই লোহাৰ চকৰিৰে আমাক নিষ্পেষিত কৰি গলা, এদিন—এদিন—তুমিও নিজেই তোমাৰ এই নিজৰ ৰথৰ চকাৰ তলত পৰি নিষ্পেষিত হবা। যি অগ্নিৰে ধেমালি পাতি তুমি আনৰ ঘৰ ভস্মীভূত কৰিলা, সেই অগ্নিয়ে উভতি তোমাৰ জীৱন ছাৰখাৰ কৰিব তোমাক তিল-তিলকৈ পুৰি তোমাক মৰ্ম্মে মৰ্ম্মে মোৰ হৃদয়ৰ জ্বালা অনুভৱ কৰাব আৰু তোমাৰ প্ৰতি লোমকূপ এটি জ্বালাময়ী আগ্নেয়গিৰিত পৰিণত হ’ব।