পৃষ্ঠা:কাৰেঙৰ লিগিৰী.djvu/৪৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৪
কাৰেঙৰ লিগিৰী

সুন্দৰ— (উত্তেজিত হৈ) বন্ধুত্বৰ কথা নকবা। তোমাৰ কাপুৰুষালিখিনি বন্ধুত্বৰে মই ঢাকিব লাগিব? যদি বন্ধুলৈ ইমানেই প্ৰেম—তেন্তে জানি শুনি তুমি মোক তোমাৰ কাঞ্চন কুঁৱৰীৰ সৈতে থকা সম্বন্ধৰ কথা নকৈ মোক এনে জ্বলা জুইত পেলালা কিয়? তুমি স্বাৰ্থপৰ—তোমাৰ জীৱনৰ সুখ লৈ মোক ভাবিবলৈ কোৱা? —কিন্তু তোমাৰ বন্ধুত্ব এয়ে নেকি??? নহয় মই তোমাৰ এনে কাপুৰুষালি নসহো—

অনঙ্গ— তুমি যদি নাজানিলাহেঁতেন তেন্তেতো কাঞ্চনৰ সৈতে তুমি সুন্দৰকৈ গৃহবাস—

সুন্দৰ— (কঠোৰভাৱে) কিন্তু জানিলো। নাজানিলোহেঁতেন যদি সেইটো কেলৈ যেতিয়া জানিলো। এতিয়া সি বেলেগ হ’ল। কোৱা তোমাৰ মতামত কি? তোমাৰ সাহ আছেনে নাই? সত্যৰ সন্মুখীন হ’বলৈ তুমি পাছ হুহকিবা কিয়?

অনঙ্গ— (তললৈ মূৰ কৈ মনে মনে থাকে) মোৰ ভুলৰ বাবে তুমি এনে কঠোৰ শাস্তি—

সুন্দৰ— শাস্তি? নহয় নহয়, শাস্তি নহয় শান্তিহে দিব খোজো যাৰ কাৰণে হয়তো তোমালোকৰ গোটেই জীৱন হিয়া জ্বলি পুৰি থাকিব তাৰ শান্তিৰ ব্যৱস্থা শাস্তি হ’ল? মই বন্ধুৰ উপযুক্ত কাম কৰিছো।

অনঙ্গ— তুমি যি ভাবিছা কৰা—কিন্তু অৱস্থা ভেদে ই শাস্তি হৈছে—তোমাৰ বন্ধুতা নহৈ পৰম শত্ৰুতা হৈছে।

সুন্দৰ— তেন্তে সেয়ে হওক। সত্যৰ বাবে মই সেই পন্থা ল’বই লাগিব। শান্তি তেন্তে শাস্তি হওক—বন্ধুতা তেন্ত শত্ৰুতা হওক। মই তোমাৰ শত্ৰু, কাঞ্চন কুঁৱৰীৰ শত্ৰু, আইৰ শত্ৰু, পিতাৰ শত্ৰু।