পৃষ্ঠা:কাৰেঙৰ লিগিৰী.djvu/৪৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৩
কাৰেঙৰ লিগিৰী

সতে সম্বন্ধ। সামাজিক সম্বন্ধই সকলো বিধৰ সুখ দুখৰ নিয়ামক। সেই অতি শুভাকাঙ্ক্ষী নিয়ামকৰ ফুলতো কোমল আৰু শিলতো কঠিন বুকুত আমি হেলাৰঙ্গে আঘাত কৰিব পাৰিলেও তাৰ প্ৰতিঘাত সহিব নোৱাৰিম। সেই প্ৰতিঘাতত হয়তো আমি কোনোবা ৰসাতলৰ অতল তলিত উঠিব নোৱাৰা হৈ পুৰুষানুক্ৰমিকে পৰি থাকিম।

সুন্দৰ— সেই প্ৰতিঘাত ল’ব লাগিব আৰু সত্যৰ বলত নিপিছলাকৈ থাকিব লাগিব। মই কিন্তু থিয় দিম। মই—

অনঙ্গ— তুমি হয়তো পাৰিবা আৰু সাৰিবাও। তুমি দেশৰ ৰজা। তোমাৰ হাতত শক্তি। তোমালৈ সমাজে ভক্তি কৰোক নকৰোক ভয় কৰে আৰু সেই অনুকূল অৱস্থায় হয়তো তোমাক তোমাৰ হাতত শক্তি থাকে মানে তোমাক জয়ী কৰাব, কিন্তু মোৰ, —মোৰ কি হ’ব?

সুন্দৰ— সমাজক বুজাব লাগিব।

অনঙ্গ— সমাজৰ কেজনমানে বুজিলেও সমাজে বান্ধি থোৱা ৰীতিবোৰেতো নুবুজিব আৰু—আৰু কোনো কাহানিও বুজাব নোৱৰা। সেই কাৰণেই সমাজ-সংস্কাৰকসকলে ৰীতিবোৰকে গুচাই আকৌ ন ন ৰীতিৰ প্ৰৱৰ্তন কৰে। কাৰণ পুৰণি ৰীতি আৰু ন কথাৰ অহি-নকুল সম্বন্ধ।

সুন্দৰ— হ’ব পাৰে। কিন্তু ইয়ো সঁচা যে তেনে ৰীতিৰ বিৰুদ্ধে থিয় দিব নোৱাৰাটোও কাপুৰুষতা।

অনঙ্গ— সুন্দৰ, তুমি যি কাম কৰিবলৈ আগবাঢ়িছা সেই কামে তোমাৰ বন্ধুৰ জীৱন অসম্ভৱ নকৰিবনে? বন্ধুৰ জীৱন এইদৰে ভস্মীভূত কৰা বন্ধুৰ কাম হ’বনে?