সুন্দৰ— সুদৰ্শন, বিশেষ এটা কথাৰ অৱতাৰণা কৰিবলৈ তোমাক আমনি কৰিবলৈ আহিলোঁ। দিগ নাপাবা। আহাচোন বাহিৰলৈ ওলাই যাও। আঁহা।
[এইবুলি সুন্দৰে আগবাঢ়ি দুৱাৰেদি ওলায় যায়গৈ। অলপ পৰ ৰৈ সুদৰ্শন আৰু অনঙ্গ লাহে লাহে ওলাই যায়।]
তৃতীয় দৰ্শন
[কোটোহা বাঁহৰ জোপাৰ তলৰ গৰু বাট। ধান খেৰৰ জুমুধি এটা লৈ আঙনি কোবাই বপুৰা আহি থাকে]
দ’ত বাঁক যখ যখিনি নিশাৰ নিশাচৰ জলদেৱ থলদেৱ বাঁকিনী শাঁকিনী—এই হেন আচানত পৰা বপুৰাক কৃপা কৰিবা। আৰু যদি নকৰা—কিনো কৰিবা—ঘাৰহে মোহাৰিবা, তালৈ বপুৰাই কেৰেপ নকৰে। (ডাঙৰকৈ কেবাবাৰো গল হেকাৰি মাৰি) হচ-হৈচ হেঃ হেঃ হেঃ। হে ৰাম প্ৰভু বাট দেখুৱাই নিবা। ভাল অৰণ্যত সোমালোহি।
কোন যায় কটা তোৰ চৌধ পুৰুষৰ পাছৰ তোক এৰি এপুৰুষৰ জোঁৱায়েক—এহ কটা—ধেৎ তাই বা কিমান বুঢ়ী-হেৰ কটা নহয় তোৰ জীয়েৰ আছে যদি বাপেৰে তোৰ জোঁৱায়েৰে যাওঁ।
[আকৌ মাত ওচৰত “কোন যায়”]
ঔ শহুৰ দেখোন ওচৰতে! বোলো পিতাই—
[এটা চাওডাং ৰাতি পহৰীয়া আহে]
(হঠাত ভাওজুৰি) পিতাই পিতাই–উ-পিতাই ঔ বৰ হুল এডালে বিন্ধিলে পাই। ইস্ ইস্ এই শেহ নিশাও হুলবোৰৰ এনে চোক কটা।