কাৰেঙৰ লিগিৰী | ২৫ |
সুদৰ্শন— ইচ্ছাকৃত ভুলতো আনন্দ আছে। তুমি উচ্চাৰণ কৰা “ইচ্ছাকৃত ভুল” শব্দটোৰ ঠাইত মই “ত্যাগ” শব্দটো বহুৱালে কোনেও মোক ভুল ধৰিব নোৱাৰিব। তোমাৰ বৈৰাগ্য পন্থা মাতৃৰ সন্তুষ্টিৰ কাৰণে ত্যাগ কৰা।
[বহুপৰ সুন্দৰ নমতাকৈ থাকি হঠাৎ চঞ্চল হৈ]
তেন্তে সেয়ে হোক—সেয়ে হোক। ত্যাগৰ ৰথত উঠি স্বাৰ্থই দ্বিগ্বিজয় কৰোক।
[শেৱালি সোমায় আহে]
শেৱালি— সাউদৰ পুতেকৰ ককাইদেউক ৰাজমাও দেউতাই বিচাৰিছে।
সুদৰ্শন— বাৰু—(সুন্দৰৰ ফালে চাই ) তেন্তে, সুন্দৰ—
সুন্দৰ— তেন্তে আৰু কি বান্ধ। মোক কি সুধিছা। যোৱা বান্ধ সুদৰ্শন—যোৱা যি ইচ্ছা তাকে কৰা—আয়ে যি ইচ্ছা তাকে কৰক। দেশ—দস্তুৰ কাৰো মতৰ কাৰণে—কোনো যুক্তি-তৰ্কৰ কাৰণে কাৰো আপত্তি-বিপত্তিৰ কাৰমে অপেক্ষা নকৰে। আইৰ সন্তুষ্টি হওক, প্ৰজাৰ সন্তুষ্টি হওক।
[ সুদৰ্শন তললৈ মূৰ কৰি থাকে, সোফালৰ পৰা অনঙ্গ সোমাই আহি ]
অনঙ্গ— বন্ধু!
সুন্দৰ— তুমি আৰু মোক একো ক’ব নালাগে-আৰু আৱশ্যক নাই।
অনঙ্গ— কি?
সুন্দৰ— তুমিও তাকেইহে ক’বা। তোমালোকে বন্ধু হৈ মোক নুবুজিলা। মোৰ মনৰ ৰাজ্যত মই ইমান অকলশৰীয়া—তুমি শুনি সুখী হ’বা—সুদৰ্শনে আইৰ ওচৰলৈ মোৰ বিবাহৰ মত লৈ গৈছে।
অনঙ্গ— (বৰ বিচলিত হৈ) তুমি মত দিলা সুন্দৰ তেন্তে সঁচাকৈ।
সুন্দৰ—( বৰ কৰ্কশভাৱে ) মত লৈ গৈছে।