কৰি) ৰাজমাও জানো কেঁচুৱা ছোৱালীজনী। কাৰ কেনে পাঙ—নুবুজে জানো?
বপুৰা—পাঙ? কি পাঙ? এইখনো আকৌ কি টাং বাং!
শেৱালি—[ খঙতে ৰেৱতী ওচৰলৈ আহি ] তই এনেকৈ সঁচাই মিছাই এইবোৰ কৈ নাথাকিবি। তই এনে নিলাজী বুলি—
ৰেৱতী—(উভতি) মই নিলাজী নে আন কোনোবা—
[ এই বুলি দুয়ো দুয়োৰে ফালে খঙ ভাবত থৰ লাগি প্ৰায় চুলিয়া চুলি কৰা ভাব দেখুৱায়, তাকে দেখি বপুৰাই গা ভেঙুৰা-ভেঙুৰি কৰি ]
বপুৰা—চেংকলি নিকলি
কাঁহী-বাটি নুধুলি
ঠেহ পাতি নাখালি ভাত,
সাতপুৰীয়া সেন্দুৰৰ
যোৰ ফোট মাৰিলি
গোন্ধ তেল ঘহিলি গাত।
[ শেৱালি-ৰেৱতীয়ে হাঁহি ৰাখিব নোৱাৰা হৈ মুখত সোপা দিয়ে ]
ৰেৱতী—যা কটা এই পাট।
বপুৰা—(কৃত্ৰিম ক্ৰোধেৰে ) ওঁ কি কলি? কি কলি? মই লিগিৰি বৰাক ‘এই পাট’ বুলিলি? বৰ সাহ পালি দেখোন? অ’ [ চকু টেলেকা কৰি তাইৰ ভৰিৰ পৰা মূৰলৈকে চায় আৰু নাকেৰে মাতি ] এই ( শেৱালিলৈ আঙুলিয়াই ) কলি কঠালটোৰ এঠা উলিয়াই মই বুঢাটোকো টুকুৰিয়াই চাইছ হ’বলা? একেপাট চৰতে শালিম বুলি জনা নাই! জিভাত লেগাম লগাই কথা কবি।
[ ৰেৱতী উচাট মাৰি ভোঁ ভোঁ কৰে তাৰপৰা ওলায় য়ায়গৈ। বপুৰাই তাই যোৱা ফালে কিছুপৰ খঙ ভাবেৰে চাই থাকি পাছত ইফালৰ পৰা সিফালে টহলি শেৱালিৰ ওচৰলৈ আহি ]