এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫৮
[ ৪ৰ্থ অ—২য় দৃ
কাশ্মীৰ কুমাৰী
সেই ৰেখাতেই আগেহি প্ৰাণত,
স্মৃতিৰ বকুল গোপনে গঁথা
শাৰদী নিশাৰ অৱশানে
সুৱদি স্মৃতি আনে
গোপন গানে,
সোণালী ৰেখাৰ সেই সপোনতে
আহে প্ৰিয় মোৰ গোপ গানে,
যেন কোনোবাই পৰশ ভৰা।
বাহীটি বাই পুলক উঠা।
[ গীতৰ শেষত কমলা যাব খোজোতেই, বীণা এখনৰ তাৰ এডাল | লিৰিকি বিদাৰি বিমলাৰ প্ৰবেশ ]
বিমলা-সখী, সুৰ বান্ধিব খোজোতেই তোমাৰ বীণাখনৰ তাৰ ছিগিল হে।
কমলা- চাওঁ। [ বীণাখন লয়, এনেতে প্ৰতাপসিংহৰ প্ৰবেশ ]
প্ৰতাপ- বিমলা।
বিমলা- দাদা। [ প্ৰতাপক দেখি কমলাৰ প্ৰস্থান ]
প্ৰতাপ- মহাৰাজক মই আহিছোঁ বুলি কবাঁ।
বিমলা— বাৰু। [ প্ৰস্থান ]
প্ৰতাপ- [ নিজে নিজে ] হঠাতে মহাৰাজে এইদৰে মতাই পঠোৱাৰ কাৰণ বুজিব পৰা নাই।
[ ভাবি থাকে বিজয়সিংহৰ প্ৰবেশ, প্ৰতাপে অভিবাদন কৰে।
বিজয়— সেনাপতি, তোমাৰ কথামতেই বীৰেন্দ্ৰসিংহৰ দণ্ডাদেশ