এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কাশ্মীৰ কুমাৰী
প্ৰথম অঙ্ক।
১ম দৃশ্য—কাশ্মীৰ ৰাজপ্ৰসাদ কক্ষ
( বিজয়সিংহ আৰু ৰত্না কথা পাতি সোমাই আহে )
বিজয় – আই, সেই বিষয়ে ময়ো নিশ্চিন্ত হৈ থকা নাই ভাৰতৰ ইমূৰৰ পৰা
সিমূৰলৈকে দূত পঠাই কমলাৰ যোগ্য-বৰ বিচাৰিলোঁ। কিন্তু তাইৰ উপযুক্ত
পাত্ৰ আজিও নেপালো।
ৰত্না—কিয়, প্ৰাগজ্যোতিষৰ যুবৰাজ?
বিজয়—প্ৰাগজ্যোতিষৰ যুবৰাজ একমাত্ৰ কমলাৰ উপযুক্ত সঁচা;কিন্তু আই,পিতৃশত্ৰুৰ
হাতত কমলাক অৰ্পণ কৰা অসন্তৱ।
ৰত্না—তেন্তে উপায় কি হ’ব বিজয়?
বিজয় – কাশ্মীৰ কুমাৰী কমলাৰ কাৰণে ভাৰতবৰ্ষত পাত্ৰশূন্য এই কলঙ্কই
কাশ্মীৰক স্পৰ্শ নকৰে, কৰিব ভাৰতবৰ্ষক! সেইবুলি নিচেষ্ট হৈ নেথাকো
আই, যিমান সোনকালে পাৰো ইয়াৰ এটা উপায় কৰিম।