পৃষ্ঠা:কাশ্মীৰ কুমাৰী.pdf/৫৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে



৩য় দূশ্য--অন্তঃপুৰ।

(শয্যাত ৰুগ্না ৰত্না। কাষত বিমলা, কমলা; মন্ত্ৰী আৰু বিজয়সিংহ)

ৰত্না—বিজয়, মোৰ সময় চাপি আহিছে আৰু।

বিজয়-তেনে অমঙ্গলীয়া কথা ন’কবা আই।

ৰত্না—মঙ্গল অমঙ্গল কি আছে পুত্ৰ, এদিন আহিছো এদিন যাবই লাগিব। মনত

 মাত্ৰ দুখ থাকিল কমলাৰ কাৰণে। উস্। [ ৰৈ ] কমলা কলৈ গ'ল

 বিজয়?

কমলা-[ ওচৰ চাপি ] কি লাগে আই?

ৰত্না –এটোপা পানী দে আই। [ কমলাই পানী খুৱাই দিয়ে। ৰত্নাই কমলাৰ মূৰত

 হাত ফুৰাই ] আশীৰ্ব্বাদ কৰিছো আই, কুশলে থাক। বিজয়, কমলাক

 গতালোঁ।

[ দূতৰ প্ৰবেশ ]

দূত-মহাৰাজ, যুদ্ধত আমাৰ পৰাজয় হৈছে। বিতস্তাৰ পাৰত দুই লক্ষ কাশ্মীৰী

 সৈন্য নিহত। প্ৰবল বেগেৰে শত্ৰু ৰাজধানীৰ ফালে আগুৱাইছে।

বিজয়-পৰাজয় হৈছে। দুই লক্ষ সৈন্য নিহত। প্ৰতাপ আৰু বসন্ত কত?

দূত-অৱশিষ্ট সৈন্য লৈ শত্ৰুৰ সন্মুখীন হৈছে। [ প্ৰস্থান ]

বিজয়—মন্ত্ৰী।