এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২য় দৃশ্য-কাশ্মীৰ প্ৰাসাদৰ বাৰাণ্ডা।
( বিষাদ মনেৰে গীত গাই গাই কমলাৰ প্ৰবেশ)
-গীত-
শাৰদী মধুনিশা
শেৱালীৰ বুকুৰে
পৰাগ ৰঙা গীতি
বেদনাৰ অভিমান।
নিয়ৰৰ প্ৰতি কণা বিৰহৰ ব্যথা সনা
প্ৰণয়ৰ প্ৰতিদান।
পৱনৰ প্ৰেমোচ্ছাসে
বিৰহৰ উঠে গীতি,
শেৱালীৰ বেদনাতে
হৃদয়ত জাগে স্মৃতি;
বিৰহৰ ব্যথা ভৰি
শেৱালীও পৰে জৰি
বেদনাৰ অবসান।
[ গীত গাই গাই কমলাৰ প্ৰস্থান। বিপৰিত ফালৰ পৰা বিজয়সিংহৰ
প্ৰবেশ আৰু তেওঁ অহা যোৱা কৰি কিবা ভাবি থাকে ]
[প্ৰতাপসিংহৰ প্ৰবেশ]
প্ৰতাপ- মহাৰাজ।