পৃষ্ঠা:কাশ্মীৰ কুমাৰী.pdf/১৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১ম অ-৪ৰ্থ দৃ]
১৩
কাশ্মীৰ কুমাৰী


বীৰেন্দ্ৰ—কওক কি কথা!

অনন্ত-[ ভাবি ] প্ৰাগজ্যোতিষৰ পৰা কিমান সৈন্য আহিব কিবা খবৰ পোৱানে?

বীৰেন্দ্ৰ— একো খবৰ নেপাওঁ।

অনন্ত অনস্ত—মই শুনিছো বিশ্বসিংহৰ পোন্ধৰ লক্ষ সৈন্য আহিব।

বীৰেন্দ্ৰ—[ আচৰিত হৈ ] পোন্ধৰ লক্ষ আহিব।

অনন্ত—ওঁ।

বীৰেন্দ্ৰ-আমাৰ যে মুঠ সৈন্য ন লক্ষ মাত্ৰ।

অনন্ত-মই কি কৰিম?

বীৰেন্দ্ৰ-আপোনাক এই সংবাদ দিলে কোনে?

অনন্ত- যেয়ে দিয়ক বিশ্বাসযোগ্য নোহোৱা হ'লে মই তোমাক নকলোহেতেন।

বীৰেন্দ্ৰ বীৰেদ্ৰ- মহাৰাজে এই কথা গম পায়নে?

অনন্ত-মহাৰাজ আৰু প্ৰধান সেনাপতি দুয়ো গম পায়।

বীৰেন্দ্ৰ-মোক কিন্তু এই কথা জানিবলৈ দিয়া নাই।

অনন্ত—তুমি সেনাপতিৰ সহকাৰী মাত্ৰ। তোমাক এই সংবাদ দিয়াটো তেওঁলোকে

 আৱশ্যক বুলি নেভাবেই। অথচ তুমিয়েই ছাৰে ছয় লক্ষতকৈও অধিক

 কাশ্মীৰী সৈন্য আজি সাত বছৰে অজস্ৰ কষ্ট স্বীকাৰ কৰি গঢ়ি তুলিছা।

বীৰেন্দ্ৰ-মহাৰাজ আৰু সেনাপতিৰ উদ্দেশ্য কি?

অনন্ত-উদ্দেশ্য মহৎ।

বীৰেন্দ্ৰ- মই একো বুজিব পৰা নাই।