প্ৰতাপ— প্ৰাগজ্যোতিষপুৰৰ ৰজা বিশ্বসিংহৰ লগত।
অনন্ত- কাশ্মীৰীয়ে ইমান দূৰ গৈ প্ৰাগজ্যোতিষত যুদ্ধ কৰিব?
প্ৰতাপ- দূৰেই হওক বা ওচৰেই হওক, কাশ্মীৰীয়ে কোনো দিন কাৰো ৰাজ্যত
হস্তক্ষেপ কৰিবলৈ যোৱা নাই; আহিব ৰাজ্যলোভী বিশ্বসিংহৰ সৈন্য
কাশ্মীৰ আক্ৰমণ কৰিবলৈ।
অনন্ত- যুদ্ধৰ কাৰণ কি প্ৰতাপ?
প্ৰতাপ- কামৰূপৰ মহাৰাজে পুত্ৰ অনঙ্গৰ কাৰণে কমলাৰ
পত্নিত্ব দাবি কৰিছিলে, মহাৰাজ তাত সন্মত নহল;এয়ে যুদ্ধৰ কাৰণ।
অনন্ত- মহাৰাজে এইটো বৰ ভাল কাম নকৰিলে।
প্ৰতাপ- কোনটো অনন্ত।
অনন্ত— কমলাক দিবলৈ অস্বীকাৰ কৰাটো।
প্ৰতাপ- কিয় স্বীকাৰ কৰিব? বিদৰ্ভৰ ৰাজসভাত স্বৰ্গ গত অজয়সিংহৰ অপমান
মহাৰাজে পাহৰা নাই। পিতৃ অপমানকাৰী বিশ্বসিংহৰ পুত্ৰ অনঙ্গৰ হাতত
কমলাক অৰ্পণ নকৰি মহাৰাজে উচিত কাম কৰিছে।
অনন্ত- কিন্তু ইফালে যে কাশ্মীৰ ধ্বংস হ’ব।
প্ৰতাপ- কিয়?
অনন্ত- বিশ্বসিংহৰ অজেয় বাহিনীৰ সন্মুখত এমুঠি কাশ্মীৰী সৈন্য কিমান পৰ
তিষ্ঠিব?
প্ৰতাপ- [ অলপ খং উঠি। জন্মভূমি কাশ্মীৰৰ 'শুভাকাঙ্খী যুবক, বিশ্বসিংহৰ
অজেয়-বাহিনীৰ সন্মুখত এমুঠি কাশ্মীৰী