নেদেখিলো অলঙ্কাৰ ভাল, গলে মুণ্ডমালা বাঘছাল,
ৰূপ দেখি মই বুলিলোহো নিন্দা কৰি।
ভূত প্ৰেত সঙ্গৰ শিৱক, নিদিও বোলা কন্যা হেন বাক
বুলিলোহো হেনয় বচন শিৱ আগে॥৩১২
হেন বচনক ধৰি মনে, কৰিলে কপট অকাৰণে
সেহিসে কাৰণে মোক খুৱাইলেক সাপে।
শুনা সৰ্ব্বজন এক মনে, হেয় কথাক নকয় কোনে,
মায়া বদ্ধ কৰি বিবাহক কৰে জীক॥৩১৩
হেনয় কৰিয়া কৰে বিয়া, সংসাৰ যুৰিয়া ৰাখে চিয়া,
শিৱক প্ৰশংসা কৰিবেক সৰ্ব্বলোক।
যিহোক সিহোক কপালত, বিধিয়ে লিখিলে যেনমত,
পাৰ্ব্বতী জীৰ গতি কি হৈবে পাছে॥৩১৪
আই হেৰ পাৰ্ব্বতী সুচৰিতা, মোৰ কেনে বিপৰীতা,
সমস্ত সমাজে চাহি আছে নেত্ৰ ভৰি।
হে মোৰ আই সৰ্পে খাই, বিষে কণ্ঠ প্ৰাণে ধাতু যাই,
জানিলোহো মই চলি যাওঁ যমপুৰী॥৩১৫
আহা মোৰ আই কোলে লওঁ, হৃদয়ৰ জুই পলুৱাও,
কেতিক্ষণে জানো মই যাইবোহো মৰি।
বিষদুখে কান্দে মেনকাই, পাৰ্বতীক স্মৰি কৰে হাই
দেখি গৌৰী মনে অনেক দুখ কৰি॥৩১৬