পৃষ্ঠা:কালিকা পুৰাণ.djvu/৫৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৩
কালিকা পুৰাণ

ভালেতো মোহিলে গোকুলৰ গোপীগণ।
ইহাঙ্ক দেখিয়া কোনে তাপৰিবে মন॥
কৃষ্ণৰ কথাক পূৰ্ব্বে কৰ্ণে আছো শুনি।
হেন মাধৱক আজি দেখোহো আপুনি॥২৫৪
কৃষ্ণৰ কটাক্ষ হাস্যে বৰষে অমৃত।
আঙ্ক পাই নাৰীসবে ভৈলন্ত তৃপিত॥
মহেশৰ ৰূপক দেখও আই বাই।
এনুৱা ৰূপক আমি কৈতে দেখা নাই॥২৫৫
হেমৱন্ত ৰাজাৰ দুই চকু খাই।
জীয়েকক দিলা ৰাজা ভাল দৰা চাই॥
কৃষ্ণৰ যেবে জোৱাই হুই পৰ্ব্বতৰ জায়া।
ইহাঙ্ক নিদিয়া দিয়ে মহেশক বিয়া॥২৫৬
আপোনাৰ চক্ষু থাকি কণা হেন হই।
নেদেখই বাট পথ ফুৰে খপিয়াই॥
হেনয় লিখিত কপালত পাৰ্ব্বতীৰ।
নিচিনি নজানি স্থিৰ কৰিলেক বৰ॥২৫৭
এহিমতে গলাগলী কৰে নাৰীগণ।
গাই বাই চলি যাই সবে দেৱগণ॥
পথৰ ব্যৱস্থা আবে এহিমানে থওঁ।
হেমৱন্তৰ কাহিনীক কিছুমান কওঁ॥২৫৮