পৃষ্ঠা:কালিকা পুৰাণ.djvu/৪৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৩
কালিকা পুৰাণ


সুৱৰ্ণৰ পিড়া পাৰে নোৱনী ঘৰত।
মহেক বহুৱাইলা সেহিসে পিড়াত॥
মাথে তেল পানী দিলা সৰস্বতী আই।
সুৱৰ্ণৰ ফণি লৈয়া কেশক মেলাই॥২০৫
নাৰীগণে বেঢ়ি সুমঙ্গল নাম গাই।
সুমঙ্গল গীত গাই জলক ধালয়॥
উৰুলি দিলেক বেঢ়ি সুন্দৰীসকল।
নানা বাদ্য শব্দে বসুমতী টলবল॥২০৬
বাহু বাদ্য বজাৱয় গন্ধৰ্ব্ব কিন্নৰ।
ঘূৰি ঘূৰি নাচে আৰু অপ্সৰী অপ্সৰ॥
বাদ্যৰ শৱদে পূৰিলন্ত দশো দিশ।
নানা ভাৱ ভঙ্গী কৰি কৰন্ত হৰিষ॥২০৭
স্নান অৱসান কৰি বস্ত্ৰ আনি দিলা।
দেৱ যোগ্য অলঙ্কাৰ যোগান ধৰিলা॥
সেহি বস্ত্ৰ অলঙ্কাৰ দৰাক পিন্ধাইলা।
বিচিত্ৰ আসন পাতি তাতে বসুৱাইলা॥২০৮
মহেশৰ হাতে ফল-কটাৰিক দিলা।
তাত পাছে বাদ্য ভণ্ড অনেক বজাইলা॥
একাদশ দিন সেহিমতে সুমঙ্গল।
মহামহোৎসৱ কৰি তুলিলন্ত জল॥২০৯