পৃষ্ঠা:কালিকা পুৰাণ.djvu/২৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩
কালিকা পুৰাণ

এহিৰূপে হেমৱন্ত অনেক বুলিলা।
শুনি তান বাক্য মেনকাৰ জ্ঞান ভৈলা॥
বুলিলাহা যদি স্বামী কহিল স্বৰূপ।
দেখিবাক ইচ্ছা তান কোন নিজ ৰূপ॥১০৭
যদিহে আমাক নিজ ৰূপ দৰশাই।
তেবে দিবো মোৰ কন্যা কহিলো নিশ্চয়॥
শুনি হেমৱন্তে শিৱ পাশে চলি যাই।
মেনকাৰ কথা সব কহিলা বুজাই॥১০৮
বুলিলন্ত হৰে শাশু আসোক ইঠাই।
নিজৰূপ মোৰ তেবে দিবোহো দেখাই॥
শুনি হেমৱন্ত ৰাজা গৈয়া বাহিৰক।
ধীৰে ধীৰে উপস্থিত হৰৰ পাশক॥১০৯
কহিলন্ত ৰাজা গৈয়া সমস্তৰে আগে।
ধৰিয়োক নিজ ৰূপ দেখিবাক লাগে॥
শুনি চলি গৈলা যত ভিতৰৰ লোক।
মেনকাও চলি যান্ত প্ৰবোধি মনক॥১১০
বুলিয়া আছয় আগে কুবাক্য বচন।
ভয় লাজে সঙ্কুচিয়া কৰন্ত গমন॥
সেহি সময়তে হৰে পূৰ্ব্বৰূপ এৰি।
ভৈলা তেতিক্ষণে চতুৰ্ভুজ ৰূপধাৰী॥১১১