পৃষ্ঠা:কালিকা পুৰাণ.djvu/১১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কালিকা পুৰাণ


মহা কামাতুৰ হুয়া আসিবেক খেদি।
পলাইবেক সুন্দৰী তাহাক লাগ নেদি॥ ৩৮
এহি বুলি মেনকাই কৰে তিৰস্কাৰ।
শুনি হেমৱন্তে ভৈল বিশ্ৰুতি আকাৰ॥
মনত গুণন্ত মই কি কাম কৰিলো।
মেনকা নুসুধিয়া জোঁৱাই কৰিলো॥ ৩৯
এহি বুলি উঠিলন্ত ৰাজা সমাজৰ।
থোস মোস কৰি যাই পশিলা ভিতৰ॥
হুমুনিয়া ছাৰি ৰাজা বসলন্ত যাই।
মেনকায়ো আসিলা ৰাজাৰ সাৰি পাই॥ ৪০
মেনকাৰ শুনি ৰাজা অনেক কুবাক্য।
একো নামাতিয়া ৰাজা স্তম্ভিয়া ৰৈলেক॥
মেনকা বোলয় শুনিয়োক গিৰিৰাজ।
বৰ খুজি নপাইলাহা ত্ৰিভুৱন মাজ॥ ৪১
কোনোবা তপসী তাৰ গাৰে ফঁটা কানি।
গুৱাপাণ আনি আছে কাঠৰ ঠগি খানি॥
হেনয় দৰিদ্ৰ পিতলৰ ঠগি নাই।
কেনমতে বিয়া দিবা স্নেহৰ জীয়াই॥৪২
ভঙ্গুৱাত বিহা জীক নিদিবো সমুলি।
একে কাজে লাগে তাক ভাঙ্গ তিনি ডুলি॥