মদন—আজ্ঞা দিল স্বৰ্গৰাজে পালিম আদেশ।
ইন্দ্ৰ—ভয়ত নহবা তুমি ব্যৰ্থ মনোৰথ?
মদন—কদাপিও তেনে হব নিদিম মনক,
হৰক টলাম বুলি কৰিলোঁ শপত।
ইন্দ্ৰ— তেন্তে অতি সজ কথা! সজ, ৰতিপতি!
শুনিছা নহয় তুমি, তাৰক অসুৰে
কিদৰে নো নকৰিছে দেৱৰ দুৰ্গতি?
উল্লেখি পুনৰ তাক, নুজাৰোঁ তোমাৰ
লোকৰ-দুখত পমা হিয়াৰ সন্তাপ৷
যিদিনা উদয় হল দেৱ আকাশত
তাৰকৰ প্ৰতাপ-মাৰ্ত্তণ্ড দুপৰৰ
তৰাটিৰ দৰে তেৱে ইন্দ্ৰৰ ইন্দ্ৰত্বে
লাজত ঢাকিলে মুখ মেঘৰ আঁৰত।
চন্দ্ৰ সুৰ্য্য বায়ু আদি দেৱতাসকলে,
তাৰকৰ প্ৰতাপৰ ইন্দ্ৰজাল দেখি
হেৰুৱালে দেৱত্বৰ মায়া; ঋতুবোৰে
পাহৰিলে স্বৰ্গৰাজ ইন্দ্ৰৰ আদেশ।
এতিয়া স্বৰ্গত আৰু আগৰ সিদৰে
নিবিলায় সুৰুযে পোহ: চন্দ্ৰদেৱে
কিৰণৰ শান্তিয়ণী লই, নন্দনক
নন্দনীত নকৰে আকউ; ৰই ৰই
জুৰ বায়ু বলা নাই অমৰাৱতীত;.
ঋতুৰ গতিও আজি নাই সেইদৰে।
সকলোটি নিষ্পন্দ নিৰ্ব্বাক! কিন্তু এই
পৃষ্ঠা:কাম-ৰূপ - ডিম্বেশ্বৰ নেওগ.djvu/৯
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৭