এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
কাম-ৰূপ
প্ৰথম অঙ্ক
প্ৰথম দৃশ্য
ইন্দ্ৰৰ ৰাজসভা
সভাসদসকলৰ মাজত ৰাজসিংহাসনত ইন্দ্ৰ অতি উদ্বিগ্নচিত্তে
বহি আছে; সকলোৱে যেন কাৰাবাৰ আগমন অপেক্ষা
কৰিছে। এনেতে মদন সোমাই আহি
ইন্দ্ৰক অতি বিনীতভাৱে
সেৱা জনায়।
মদন—জনাওঁ প্ৰণাম, স্বৰ্গৰাজ! কিবা হেতু
অধীন অনালে মতাই? কিবা প্ৰিয়
কাৰ্য্য মই দেৱতাৰ কৰিম সাধন?
ইন্দ্ৰ—জানা হেৰা ৰতিপতি! বজ্ৰৰ বাহিৰে
তুমি মোৰ অদ্বিতীয় সহায় সুহৃদ্;
বজ্ৰৰ শক্তিয়ে যদি মানে পৰাভৱ,
ইন্দ্ৰৰ অব্যৰ্থ অস্ত্ৰ তুমি! পঞ্চশৰ?
মদন—আজ্ঞা হক, দেৱমণি। সাধ্যৰ অতীত
মদনৰ, নোহে যদি সেই কাম; তেনে
এতিয়াই এই ভৃত্যে ফুলৰ ধনুৰে
চুৰমাৰ, কৰি থই তিনিও ভুবন,